FANDOM


                                                             ডঃ ভূপেন হাজৰিকা (১৯২৬-২০১১ ইং)
                                                                      (এটি চমুটোকা)
  সঙ্গীতসূৰ্য ভূপেন হাজৰিকাৰ গীতৰ ঢৌৱে কেৱল অসমীয়া বা অসমবাসী ৰাইজৰে নহয়; সাত সমূদ্ৰৰ সিপাৰৰ লোকৰ মনতো লহৰ তুলিবলৈ সক্ষম হৈছে৷ একেধাৰে গীতিকাৰ – সুৰকাৰ – গায়ক – সংগীত পৰিচালক – চিত্ৰ নাট্যকাৰ – চলচিত্ৰ পৰিচালক – অভিনেতা – শিক্ষাবিদ – সাহিত্যিক – সাংবাদিক – ৰাজনীতিবিদ ভূপেন হাজৰিকা অনন্য প্ৰতিভাৰ গৰাকী আছিল৷ তেওঁৰ গীতৰ মাজেৰে প্ৰকাশ পোৱা জীৱনাদৰ্শ, কাব্যিকতা, মানবীয়তা আদি মৰ্মস্পৰ্শী কণ্ঠস্বৰৰ মাজেৰে উজ্জীৱিত হৈ অসমীয়া জাতীয় জীৱন এনেদৰে চহকী কৰিছে যে প্ৰতিজন অসমবাসীয়ে নিজকে অসমীয়া বুলি গৌৰৱ কৰাৰ এক সুদৃঢ় ভেটী পাইছে৷
  কোনো বিশেষণে সামৰিব নোৱাৰা তেখেতৰ নামৰ আগত যথাৰ্থভাবে প্ৰযুক্ত হৈছে সুধাকণ্ঠ, সঙ্গীতসূৰ্য, কলা শিৰোমণি, সংগীত চূড়ামণি, বিশ্বৰত্ন, অসমৰত্ন আদি উপাধি৷
  তেখেতৰ গীতৰাজি বৈচিত্ৰ্যময় বিষয়-বৈভৱেৰে সমৃদ্ধ৷ অসমৰ মাটি-মানুহ, সমাজ-সংস্কৃতিয়েই প্ৰধানতঃ তেখেতৰ সংগীতৰ ভেটী৷ সৰু সৰু মানুহৰ জীৱন-গাঁথা, প্ৰেম-বিৰহৰ উচ্ছল চিত্ৰ, গভীৰ মানৱতাবোধ তথা দেশপ্ৰেম, নিসংগতাৰ কৰুণ সুৰ, নৈসৰ্গিক ৰূপ-ৰস, বিভিন্ন উপলক্ষ কেন্দ্ৰিক ঘটনাৰ বৰ্ণন - তেখেতৰ কথা আৰু সুৰৰ মূৰ্চ্ছনাৰে মূৰ্ত্ত হৈ উঠিছে৷ তেখেতৰ গীতত প্ৰাণৱন্ত হৈ উঠিছে আমাৰ মাটি-পানী, আকাশ-বতাহ, নদ-নদী, পৰ্ৱত-ভৈয়ামৰ সজীৱ চিত্ৰ; লোক জীৱনৰ প্ৰাণৰ নিৰ্যাস৷ তদুপৰি তেখেতৰ গীতে সামৰি লৈছিল ৰংপীৰ পৰা পল ৰৱচন – কলং কপিলীৰ পৰা প্ৰশান্ত মহাসাগৰলৈ এক বিস্তৃত পৰিধি৷
  চলচিত্ৰৰ ক্ষেত্ৰতো ডঃ হাজৰিকাৰ দক্ষতাৰ পৰিচয় পোৱা যায়৷ চিত্ৰ-পৰিচালক আৰু সংগীত-পৰিচালক ৰূপে অসমীয়াৰ উপৰি বাংলা, হিন্দী, ভোজপুৰী আদি বিভিন্ন ভাষাৰ ছৱি জগতৰ সৈতে তেখেত জড়িত আছিল৷ তেখেতে ৯ খন চলচিত্ৰ পৰিচালনা কৰিছিল, ৮ খন তথ্যচিত্ৰ নিৰ্মাণ কৰিছিল৷ সংগীত পৰিচালনা কৰিছিল প্ৰায় ৭০ খন চলচিত্ৰৰ৷ ‘লোহিত কিনাৰে’ নামৰ এখনি টি.ভি. ধাৰাবাহিক আৰু বিভিন্ন বিষয়ক ২১ খন মান গ্ৰন্থ ৰচনা কৰিছিল৷
  ডঃ হাজৰিকা সাংবাদিকতাৰ লগতো জড়িত আছিল৷ বিদেশত ‘নিউ ইণ্ডিয়া’ নামৰ এখন কাকতৰ সম্পাদনা কৰিছিল৷ ‘প্ৰতিধ্বনি’, ‘আমাৰ প্ৰতিনিধি’, ‘গতি’ আৰু ‘বিন্দু’ নামৰ সংবাদ-পত্ৰ তথা আলোচনী আদিতো লিখা-মেলা আৰু সম্পাদনা কৰিছিল৷ তেখেতৰ সমাজ, সাহিত্য, কলা আদি বিষয়ৰ ৰচনাবোৰত কাব্যিক আবেদন যুক্ত সুৰীয়া সৰল গদ্যৰ চানেকি পোৱা যায়৷ শিশু সাহিত্যিক তথা আবৃত্তিকাৰ ৰূপেও তেওঁ পৰিচিত আছিল৷
  ১৯৬৭ চনত এবাৰ তেওঁ বিধানসভালৈও নিৰ্বাচিত হৈছিল৷
  একোটা জাতিৰ ভাগ্যত কাচিৎহে এনে বিৰল প্ৰতিভা-দীপ্ত ব্যক্তি লাভ হয়৷ সেয়ে কালাকাল ভেদে সমগ্ৰ অসমীয়া জাতি এই গৰাকী নমস্য ব্যক্তিক লৈ ধন্য আৰু গৰ্বিত৷ অসমত ৫ নভেম্বৰৰ দিনটো সেয়েহে ৰাইজে ‘সুধাকণ্ঠ দিৱস’ হিচাপে পালন কৰে৷  

[1]

This article uses material from the Wikipedia article ডঃ ভূপেন হাজৰিকা : এটি চমুটোকা, that was deleted or is being discussed for deletion, which is released under the Creative Commons Attribution-ShareAlike 3.0 Unported License.
Author(s): JMHamo Search for "ডঃ ভূপেন হাজৰিকা : এটি চমুটোকা" on Google
View Wikipedia's deletion log of "ডঃ ভূপেন হাজৰিকা : এটি চমুটোকা"
Wikipedia-logo-v2

This article uses material from the Wikipedia article , that was deleted or is being discussed for deletion, which is released under the .
Author(s): Gadget850
View Wikipedia's deletion log of "ডঃ ভূপেন হাজৰিকা : এটি চমুটোকা"
Wikipedia-logo-v2

Ad blocker interference detected!


Wikia is a free-to-use site that makes money from advertising. We have a modified experience for viewers using ad blockers

Wikia is not accessible if you’ve made further modifications. Remove the custom ad blocker rule(s) and the page will load as expected.